কলৰৱ

পুলক জ্যোতি শৰ্মা

মাঘ মাহ শেষ হ’বলৈ তেতিয়াও পোন্ধৰদিনমান বাকী, চাৰিওফালে মূৰতুলি উঠি অহা কংক্ৰিটৰ দালানবোৰ, সেইবোৰৰ নিৰ্মাণৰ ঘৰঘৰ-মৰমৰ শব্দ, গাড়ী-ঘোঁৰাৰ অহৰ্নিশ শব্দ, ধূলি-ধোঁৱাৰ মাজত বসন্তৰ জাননী আহিলেই ৷ চোতালৰ আমজোপা আগতীয়াকৈয়ে মলিয়াইছে, কৰবাৰ পৰা অকলশৰীয়া কুলিচৰাই এটাৰ মাতো ‘কুউ কুউ’ কৈ ভাঁহি আহিল ৷

সম্ভৱত পাবলো নেৰুদাৰ স্পেনিচ কবিতাৰ ইংৰাজী অনুবাদ আছিল—বহুদিনৰ আগতে পঢ়িছিলোঁ –এতিয়া কবিতাটোৰ নাম মনলৈ অহা নাই কিন্তু তাৰে এটি পঙ্ক্তিৰ কথা আজিও মনত আছে – ‘তুমি পৃথিৱীৰ সকলো গছ-গছনি কাটি পেলাব পাৰা কিন্তু বসন্তৰ আগমনক বাধা দিব নোৱাৰা’ ৷ কবিতাটোত কথাষাৰ প্ৰতীকিৰূপে ব্যৱহাৰ কৰা হৈছিল শাসক-শোষকলৈ শ্লেষপূৰ্ণ সতৰ্কবাণীৰূপে কিন্তু তাৰ পোনপটিয়া অৰ্থও সমানেই তীৰ্যক ৷ মানুহৰ বৰ্ধিত সংখ্যাৰ প্ৰয়োজন পূৰাবলৈ গছ-বিৰিখ কাটি তহিলং কৰি ইটা, লোহা, কংক্ৰিটৰ নিৰ্মাণেৰে নগৰ বঢ়োৱা হৈছে ওখই আৰু বহলে ৷ সেউজীয়া পৰিৱেশ একেবাৰে সংকুচিত হৈ পৰিছে, জান-জুৰি পৰ্যৱেসিত হৈছে কদৰ্য দুৰ্গন্ধময় নৰ্দমালৈ, বিলবোৰে কলঢোপ-কলঢোপকৈ মৰণৰ ক্ষণ গণিছে ; কিন্ত তথাপি বসন্ত আহিছে – আমে মলিয়াইছে , কুলিৰ মাত বতাহত ভাঁহিছে ৷

কিন্তু যোৱাবাৰো আৰু এইবাৰো আমজোপা বহু আগতীয়াকৈ মাঘৰ আগভাগতেই মলিয়াইছে, কুলিটোৰ মাতো বেছ আগতীয়াকৈ শুনিছোঁ ৷ হ’ব পাৰে কিছু দেৰিকৈ জন্ম পোৱা বাবে যোৱাবাৰ জাকৰ সৈতে গুছি যাব নোৱাৰি ইয়াতে বছৰটো থাকি যোৱা কুলি— ডাঙৰ হোৱাৰ পিছত এতিয়া বতৰত ‘কুউ’কৈ মাত ওলাইছে ৷ কিন্তু আমজোপা কিয় জাৰকালতে মলিয়াইছে ? চিন্তাৰ কথা ৷ পঢ়িবলৈ পাইছো যে গোলকীয় উঞ্চতা বৃদ্ধিৰ ফলত হোৱা জলবায়ুৰ পৰিৱৰ্তনে পশু-পক্ষীৰ মনত ঋতুৰ অন্ত আৰু আগমনকলৈ ভ্ৰমৰ সৃষ্টি কৰিছে; আনকি গছ-গছনিও এনে ভ্ৰমৰ পৰা সাৰি যোৱা নাই ৷ এটা বিশেষ প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ দ্ৰুতগতিত হ্ৰাসপোৱা সংখ্যাকলৈ গৱেষণা কৰা এদল বিজ্ঞানীয়ে জনাইছে যে জাৰকালি সেই চৰাইবিধে ইউৰোপৰ উত্তৰ অংশৰ পৰা জাকে জাকে পৰিভ্ৰমণ কৰে মধ্য আফ্ৰিকালৈ আৰু উত্তৰ ইউৰোপৰ জহকালিৰ পৰিৱেশত পোৱালি তুলিবলৈ আফ্ৰিকাৰ পৰা বসন্তৰ আৰম্ভনিত ওভতনি যাত্ৰা কৰে ৷ পিছে যোৱা কেইবছৰমান মধ্য আফ্ৰিকাত শীতৰ অন্তহৈ বসন্তৰ আগমনৰ চিন আগতেই পৰিষ্ফুট হোৱা বাবে ভ্ৰমত পৰি চৰাইবিধে আগতীয়াকৈয়ে উত্তৰ ইউৰোপলৈ উভতি আহিছে ৷ কিন্তু তাত উপস্থিত হৈ সিহঁতে দেখে যে তাত প্ৰজননৰ উপযুক্ত ঋতু হোৱাই নাই ৷ ফলত মতা মাইকী দু্য়োৰে দেহত প্ৰজননৰ বাবে হ’বলগা পৰিৱৰ্তনতো খেলিমেলিৰ সৃষ্টি হৈছে, সিহঁতে বাহ সজাৰ পৰিৱেশ পোৱাতো পলম হৈছে ৷ তাৰ ফলশ্ৰুতিত কোনোবাজনীয়ে কণী পৰা নাই, কোনোবাজনীৰ কণী নিষিক্ত হোৱা নাই ৷ গতিকে চৰাইবিধৰ পোৱালিৰ জন্ম হ্ৰাস পোৱাত সিহঁতৰ সংখ্যা কমি গৈছে ৷ মই মাত শুনা কুলিটো তেনেকুৱা ভ্ৰমত পৰি আগতীয়াকৈ আমাৰ ইয়াত উপস্থিত হোৱা চৰাই হ’বও পাৰে ৷ কিন্তু আমজোপা যে দুবছৰ ধৰি বেচ আগতীয়াকৈ মলিয়াইছে সেয়া যে গোলকীয় উঞ্চতা বৃদ্ধিয়ে কৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সেইটো প্ৰায় খাটাং ৷

মই কোনো প্ৰকৃতিবিদ নহ’লেও প্ৰকৃতিৰ ৰেহৰূপ সদাই চকুৰ আগত ভাঁহিয়েই থাকে আৰু জলবায়ু পৰিৱৰ্তনে সকলোকে যে প্ৰভাৱিত কৰিছে আৰু মই আৰু মোৰ পিছৰ প্ৰজন্মই যে তাৰ কুফল ভুগিছোঁ সেইলৈ মই উৎকণ্ঠিত ৷ যিবোৰ কাম জলবায়ু পৰিৱৰ্তনৰ কাৰক তাৰে মোৰ সাধ্যত থকাবোৰৰ পৰা বিৰত থাকো ৷

মই কোনো পক্ষীবিদো নহয় – কিন্তু কাৰো কোনো অপকাৰ নকৰাকৈ নিৱিষ্টমনে জীৱন উদযাপন কৰা চৰাইবোৰ চাই এক অনিবৰ্চনীয় আনন্দ পাওঁ ৷ সেয়ে পুৱাৰ পৰাই কামবনৰ ফাঁকে ফাঁকে ঘৰৰ আশে-পাশে থকা চৰাইবোৰক লক্ষ্য কৰি থাকো ৷

যোৱা দুবছৰে লক্ষ্য কৰিছোঁ যে দহিকতৰা এটাই আমাৰ ঘৰৰ চাদৰ ওপৰত থকা পানীৰ টেঙ্কটোৰ কোণ এটা তাৰ বহা আৰু গানগোৱা ঠাই কৰি লৈছে ; বুলবুলি (ফেচুলুকা) এটাৰ আকৌ দৰক লৈ কলকলোৱা ঠাই হ’ল চাদৰ হাফৱালখনৰ একোণৰ খুটা এটা ৷ তাতে টিৰিকা এৰি এৰি সিহঁতে ঠাই দুডোখৰ লেতেৰা কৰি পেলায় ; সিহঁত নথকা সময়ত চাফা কৰি দিওঁ পিছে আকৌ টিৰিকে ৷ সিহঁতক চাই পোৱা আনন্দৰ তুলনাত সেইকণ অসুবিধা ধৰ্তব্য নহয় ৷ এইবাৰ কি হ’ল জানোঁ, মাঘবিহুৰ পিছতে দুয়োটাই ঠাই সলনা সলনি কৰি ল’লে ৷ বুলবুলি উঠিছেগৈ পানীৰ টেঙ্কত আৰু দহিকতৰা বহিছে আগেয়ে বুলবুলি বহা খুটাটোতে বান্ধি থোৱা কাপোৰমেলা ৰচীডালত ৷ দহিকতৰাই ৰচীডালৰ নিৰ্দিষ্ট ঠাইত বহি তাৰ বসন্তগীত জুৰিছে ; চাদলৈ গ’লেই তাক প্ৰায়ে গান গাই থকা পাওঁ ; কাম শেষ হ’লেও তাৰ গান শুনি এনেয়ে চাদত ইফাল-সিফাল কৰি থাকোঁ, সিয়ো চাগে চিনি পোৱা হৈছে সেয়ে মোৰ উপস্থিতিক বৰ ভ্ৰূক্ষেপ নকৰাকৈ গান গাই যায় ৷ পিচে লেঠা লাগে গান গোৱা অৱস্থাত মোবাইলটোৰে তাৰ ভিডিও শ্বট এটা ল’বলৈ চেষ্টা কৰিলে ; মোবাইলটো টোৱালেই সি ভুৰুংকৈ উৰা মাৰি গুচি যায় ৷ কেইবাদিনৰ বিফলতাৰ পিছত সিদিনা পৰিবাৰে আন এডাল ৰচীত মেলি থৈ যোৱা দুটা কামিজৰ মাজৰ ফাঁককণত মবাইলৰ কেমেৰাৰ লেঞ্চখন ৰাখি চুটি ভিডিও এটা আৰু স্থিৰশ্বট এটা ল’লো ; বপুৰাই গম নেপালে ৷ বুলবুলিটোৱে এতিয়াও পূৰাদমে তাৰ বসন্তৰ কলকলনি আৰম্ভ কৰা নাই ৷ টেঙ্কটোৰ ওপৰত ৰৈ থকা ছবি এখন সদ্যহতে তুলি থৈছোঁ ৷ যোৱাবাৰ আমাৰ আগবাৰাণ্ডৰ দুৱাৰেৰে ঢাকখাই থকা নিৰিবিলি কোণটোত বাতিৰ দৰে বাহ এটা সাজি দহিকতৰা এহালে কণী পাৰিছিল ; বাহটো গ্ৰীলৰ লোহাত পলিথিনৰ ঠোঙাৰ পৰা চিৰলা-চিৰিলিকৈ ফালি লোৱা ৰছীৰে বান্ধি লৈছিল ; কিন্ত পোৱালি জগা আৰু সিহঁতৰ প্ৰতিপাল কৰা নেদেখিলো ৷ কণী চাগে ঘোলা হ’ল ৷

পানীৰ টেঙ্কটোৰ আঁৰ লৈ এটা খুটাৰ ওপৰত বহে কপৌ এহাল, তাতে মাজে মাজে ৰুণ দিয়ে ; আন এটা খুটাৰ বহে সলনা-সলনিকৈ কেইবাটাও পাৰ ৷ মই টেঙ্কটোত পানী কিমান আছে চাবলৈ গ’লে সিহঁতক প্ৰায়ে তাত বহি থকা দেখোঁ ; তাহাঁতে অসুবিধা নেপাওক বুলি নিমাখিতটোযেন হৈ নেদেখা ভাওজুৰি থাকো ৷ কিন্তু মোক সেইখিনিলৈ যোৱা দেখিলেই সিহঁত সন্ত্ৰস্ত হয়- বহাৰ পৰা থিয় দি পলাবলৈ সাজু হৈ থাকে—“আহিল এই অসঞ্জতীয়াটো, এনেয়েতো আমাৰ থকা ঠাইবোৰ নোহোৱা কৰিছেই, অকনমান বহিবলৈকো শান্তি নিদিয়ে৷” প্ৰায়ে সিহঁতে ভয়তে ধপধপাই উৰি গুছি যায় ৷ পাৰকেইটাৰ বাহ হ’ল উত্তৰসীমাৰ প্ৰতিৱেশীৰ ওপৰমহলাৰ টিনৰ চাল আৰু চিলিঙৰ মাজৰ ঠাইখিনিত ৷ চৌহদত কপৌ দুইজাতৰ দেখিছোঁ – এবিধ মূৰৰ পৰা নেজলৈ মটিয়া বৰণৰ, আনবিধৰ মটিয়া গাটো ফুটুকা-ফুটুকি, মূৰৰ ৰং পাতল আৰু ডিঙিত এটা আঙঠি ৷ দুয়োবিধৰে যোৰা পাতি থকা স্বভাৱ আৰু থকাৰ ঠাই আমাৰ চৌহদ আৰু আশে-পাশে থকা গছবোৰত ৷ প্ৰথমবিধৰ এহালে যোৱাবাৰ আমাৰ বাৰাণ্ডাৰ মিটাৰবক্সটোৰ ওপৰতে জবৰাকৈ বাহ এটা সাজি পোৱালি এহাল তুলিলে ৷ কণী ফুটাৰ পৰা ডাঙৰ হোৱালৈকে সুবিধা বুজি পোৱালিহালৰ ফ’টো তুলি ৰাখিলো ৷ পোন্ধৰ-বিশদিনমানৰ পাছত পোৱালি পৈনত হৈ উৰি যোৱাৰ পিছত তেনেই লেতেৰা কৰি থৈ যোৱা মিটাৰবক্সটো চাফা কৰোঁতে যথেষ্ট সময় লাগিল ৷ সেইবুলি কপৌলৈ মোৰ মৰম কমা নাই ; এইবাৰ কি কৰে চাওঁচোন ৷

শালিকা-শালিকীহঁতৰ কথা ক’বই নেলাগে ৷ চাকৰিৰ বদলিত য’তেই গৈ আছিলোঁ তাতেই পাকঘৰৰ খিৰিকী বা দুৱাৰৰ কাষত শালিকা কেইযোৰমান আহি গোটখোৱাতো আছিল অৱশ্যম্ভাবী : দুলিয়াজানত কেইবছৰমান থাকোতে এনেকুৱা হৈছিলগৈ যে পাকঘৰত কোনোবা সোমালেই তিনি-চাৰিযোৰা শালিকাই দুৱাৰখনৰ বাহিৰত কোৰোক-কাৰাক, কিৰিউ-কিৰিউকৈ মাতি থাকে –‘বোলো শুনিছনে, পাকঘৰত সেয়া কোন ? কি আছে দে সোনকালে ; হেৰৌ নিদিয় কিয় – ভোকত পেটৰ কেঁচু-কুমটি মৰেহে এতিয়া ৷’ ৰুটি, বিস্কুট, ভাত, ব্ৰেড, ভুজিয়া কিবা দিবই লাগিব দিনে চাৰি-পাঁচবাৰমান ৷ পাকঘৰৰ খিৰিকীৰ শ্লেবৰ ওপৰতে থকা এযোৰে তিনি বছৰ বিশেষ একো কষ্ট নকৰাকৈ আমাৰ পাকঘৰৰ ওপৰতে পোৱালিৰ টোপৰ বাবে নিৰ্ভৰ কৰি চলিলে ৷ খোৱা চটিয়াই দিয়াৰ লগে লগে অলপ আঁতৰে আঁতৰে খাপপিটি থকা কাউৰী, কপৌ আৰু পাৰকেইটাও খোৱাৰ ভাগ লবলৈ চাপি আহে ৷ কেতিয়াবা সকলোৱে সমিলমিলেৰে খায় , কিন্তু প্ৰায়ে খাদ্যৰ ওপৰত দখল সাব্যস্ত কৰিবলৈ কেবাখনো খণ্ডযুদ্ধ হয় - শালিকা বনাম শালিকা, শালিকা বনাম কাউৰী, কাউৰী বনাম কপৌ (একপক্ষীয় যুঁজ), শালিকা বনাম কপৌ (কপৌৰ পশ্চাদাপসৰণ) এনেকুৱা ৷ যুদ্ধ কৰাকেইটাই সেইফালে ব্যস্ত থাকোতেই যুদ্ধ নকৰাকেইটাই খাই-বই দিহাদিহি যায়গৈ ৷ খোৱাবস্তু দেখিলে ডেও দি দি ঘৰচিৰিকা কেইটামানো আহে আৰু দুখুদমান খাই ভুৰুংকৈ উৰামাৰে, পিছপাকতে আকৌ ওলাইহি ৷ সিহঁতৰ লগত আনবোৰে কাজিয়া কৰা নেদেখো ; আনবোৰে চাগে ভাবে-“এহ্ কি যুঁজিবা এইকেইটাৰ লগত, জোৰৰো নহয় ফেৰৰো নহয় ৷” কোনোবাদিনাখন কেৱল শালিকা বনাম শালিকা যুদ্ধ হ’লে খোৱাবোৱা বাদ দি গোটেই শালিকাজাকে যুদ্ধৰত দুটাৰ কেউফালে ৰৈ কোঢ়াল কৰে – নিজৰ নিজৰ ফলীয়াটোক চাগে উচতাই দিয়ে –“মাৰ তাক ঠিকচে, বগৰাই দে তাক—বেচি তেল ফাটিছে তাৰ—ভালকৈ এথেকেচা দে ৷” শেষত হাৰি ওপৰমুৱাকৈ বাগৰিপৰাটোৰ বুকুত জিকাটোৱে এখন ঠেঙেৰে হেঁচামাৰি ধৰি বুকুফিন্দাই চিঞৰে –“কিৰিক কাৰাক --দেখিলি কি দশা কৰিলোঁ তাৰ, আমুকাক চিনি পোৱা নাই, সমানে সমানে ফেপেৰি পাতিবলৈ আহে—পালিনে শিক্ষা?” বাকীবোৰে-“হ’বদে হ’বদে চোটোকাটো পাইছে সি—আগলৈ আৰু নকৰে – এৰিদে এৰিদে” এইদৰে ক’লে যুঁজখনৰ সামৰণি পৰে ৷ কাচিৎ খোৱা চটিয়াই দিয়া সময়তে এটা বা দুটা ঢোঁৰাকাউৰী ওলাইহি ; ঢোঁৰাই গহীনাই কা-কা বুলি খোৱা উঠাবলৈ ঠোঁট মেলিলেই শালিকা, কপৌ, পাৰ, ঘৰচিৰিকাই ফাঁহিচিটিকা দিয়ে ৷ শালিকাবোৰ বৰ কোঢ়ালপ্ৰিয় আৰু দন্দুৰা ৷ কাউৰীয়ে তাৰ মাতটো আৰু যিহকে-তিহকে খাইফুৰা স্বভাৱৰ কাৰণে মানুহৰ পৰা মৰমৰ মাত এষাৰো নেপায়, কিন্তু কাউৰীৰ পৰা শিকিবলগীয়া কথা আছে ; খোৱাবস্তু দেখিলে কাউৰীয়ে সাধাৰণতে কা-কা কৈ লগৰবোৰক খবৰ দিয়ে – পাৰিলে লগেভাগে খায় , খাওঁতে নিজৰ মাজত কাজিয়া নকৰে আৰু খোৱাবস্তু বাহলৈ লৈয়ো যায় ৷

গুৱাহাটীৰ মাজমজিয়াত নিজা ঘৰত নিগাজীকৈ থিতাপি লোৱাৰ পাছত যোৱা আঢ়ৈটা বছৰে চাবলৈ চেষ্টা কৰিছোঁ যে এই জনঅৰণ্যত কোন কোন চৰাই তিষ্ঠি থাকিব পাৰিছে ৷ কাউৰী আৰু ঘৰশালিকাৰ যিকোনো পৰিস্থিতিত টিকি থাকিব পৰা ক্ষমতা সাংঘাতিক ; বিজ্ঞানীসকলেও বিশ্লেষণ কৰি কৈছে এই দুই প্ৰজাতিৰ চৰাইৰ survival instinct is very high ৷ মানুহৰ আশেপাশেই থাকি তাঁহাতে খাদ্যৰ অভাৱত নপৰাকৈ থাকে ৷ গতিকে এই জনঅৰণ্যত আমাৰ পৰিয়ালে থিতাপি লোৱাৰ আগৰে পৰাই কাউৰী আৰু ঘৰশালিকাৰ বসতি আছেই ৷ ইমানবোৰ ঘৰত উচিষ্টৰ অভাৱ নাই , গতিকে আমাৰ পাকঘৰত খাদ্যৰ দাবী কৰিবলগীয়া পৰিস্থিতি সিহঁতৰ হোৱা নাই ৷ আমাৰ চৌহদ আৰু তিনিফালৰ প্ৰতিৱেশীৰ চৌহদত কিছু গছ থকা বাবে সিহঁতৰ বাসস্থানৰো সুবিধা হৈছে ; সেয়ে কাউৰী আৰু ঘৰশালিকাকেইটাৰ লগত সদায়েই দেখা-সাক্ষাত হৈ থাকে ৷

য’তে ঘৰ ত’তে ঘৰচিৰিকা, আমাৰ ঘৰৰ আশে-পাশেও ভালেমান ঘৰচিৰিকা আছে ৷ পিছে চাৰিওপিনৰ পকীঘৰবোৰত কেনেকৈ বাহ বান্ধিবলৈ সুবিধা কৰি লৈছে নেজানো , কিন্তু লক্ষ্য কৰিছোঁ যে যোৱা দুবছৰত সিহঁতৰ সংখ্যা কিছু বাঢ়িছে ৷ মাজতে শুনিছিলোঁ যে ঘৰচিৰিকাৰ সংখ্যা দ্ৰুতগতিত কমি গৈছে আৰু তাৰ সাম্ভাৱ্য কাৰণ মোবাইল টাৱাৰৰ পৰা বিকিৰিত হোৱা তৰংগ বুলিও কোৱা হৈছিল ৷ কিন্তু পোৱালি জগাবৰ বাবে বাহ সাজিবলৈ যেনেকুৱা ঠাই সিহঁতৰ প্ৰিয় তেনেকুৱা ঠাই দ্ৰুতগতিত কমি যোৱাটোও নিশ্চয় সিহঁতৰ সংখ্যা হ্ৰাসপোৱাৰ অন্যতম কাৰণ ৷ এতিয়া হয়তো ঘৰচিৰিকাই প্ৰতিকূল পৰিস্থিতিৰ সৈতে কিছু মোকাবিলা কৰিব পাৰিছে কাৰণ এয়াৰকন্ডিচনাৰৰ ফাঁকতো শব্দ আওকান কৰি ঘৰচিৰিকাই বাহসাজি পোৱালি উঠোৱা দেখিছোঁ ৷ সেয়ে সিহঁতৰ সংখ্যা কমাৰ গতি এতিয়া কিছু স্থৱিৰ হোৱাযেন লাগিছে ৷ অৱশ্যে ঘৰচিৰিকাৰ জাকৰ মাজতে দেখাত সামান্য পাৰ্থক্যৰ গছচিৰিকাবোৰো সোমাই থাকে, সিহঁতে যিহেতু গছত বাহ বান্ধে সেয়ে ঘৰচিৰিকাৰ সমান অসুবিধাত পৰা নাই ৷ চোতালৰ আগত চটিয়াই দিয়া খুদকণবোৰ সৰু একোটা জাকত ডেও দি আহি খায় , জাকৰ এটাই কিবা কথাত উৰিলেই জাকটোৱেই ভুৰুংকৈ উৰি যায়গৈ, কিন্তু পিছপাকতে আকৌ থাকিযোৱাখিনি খাবলৈ উভতি আহে ৷ চঞ্চল, অতি চঞ্চল, যেন দৌৰি-ঢাপৰি ফুৰা অকণমানি ছোৱালীএজাকহে ৷

ওচৰৰ গছকেইজোপাৰ পাতৰ মাজত সেউজীয়া গাটোৰে প্ৰায় মিলি থকা হেটুলুকাকেইটামানেও বসন্তসংগীত জুৰিছে-“হেটুলুক-হেটুলুক-হেটুলুক-“৷ ওচৰ আৰু কিছু দূৰৰ পৰা হেটুলুক-হেটুলুক- মাতকেইটামান ওপৰা-ওপৰিকৈ ভাঁহি আহিলে আশ্বস্ত হওঁ যে আমাৰ অঞ্চলটোত এতিয়াও হেটুলুকা কেইবাটাও টিকি আছে ৷ হেটুলুকা সদাই একে ঠাইতে থকা চৰাই অৰ্থাৎ আমাৰ স্থানীয় চৰাই ; প্ৰজনন ঋতু শেষ হ’লেই সিহঁতৰ হেটুলুক-হেটুলুক মাতটো প্ৰকৃতিৰ লীলাত কিছু কৰ্কশ মাত এটালৈ সলনি হৈ যায় ৷ তেতিয়াও মাত অনুসৰণ কৰিলে পাতৰ আঁৰত তাক দেখা যায় ৷ বেলেগ বেলেগ ৰঙৰ কেইবাটাও প্ৰজাতিৰ হেটুলুকা আছে যদিও মই পিঠি আৰু নেজ সেউজীয়া আৰু মূৰ ৰঙা হেটুলুকাহে অসমৰ বিভিন্ন ঠাইত দেখিছোঁ ৷ অৰুণাচলৰ মায়দিয়ালৈ যাওঁতে এটা ধোঁৱাবৰণৰ হেটুলুকা দেখিছিলোঁ অৱশ্যে ৷ এসপ্তাহমান আগতে আমাৰ দক্ষিণফালৰ প্ৰতিৱেশীৰ ঘৰৰ চাদত আগটো ঘোৰখোৱা এটা লোহাৰ খুটাৰ মূৰত বহি হেটুলুকা এটাই হেটুলুক-হেটুলুক-হেটুলুক-কৈ মাতি থকা দেখি চৰাইটোক হেঁপাহ পলুৱাই চাই লৈ ফ’টো এখন তোলো বুলি ভাবিলো ৷ মোৰ আৰু চৰাইটোৰ মাজৰ দূৰত্বৰ বাবে মোবাইলত ফটো ল’লে ভালকৈ নাহিব ; সেয়ে খৰখেদাকৈ DSLR-টো লৈ গৈ দেখোঁ যে তেৰা গ’লেই ৷ বৰ টান চৰাইহঁতৰ ভাল ফ’টো একোখন তোলা ৷ পিছফালে ঘৰৰ ভেটিৰ নাতিদূৰত বনডিমৰু এডাল আছে ; ডালবোৰ মাজে মাজে অলপ কাটি দিওঁ যদিও গছজোপা কামত নলগা বুলি কাটি পেলোৱা নাই ৷ মোৰ পোণপটীয়া কামত নেলাগিলেও ডালভৰি লগা বনডিমৰুৰ সৰু সৰু ফলবোৰ হেটুলুকাৰ প্ৰিয় খাদ্য ৷ নাৰেঙ্গীত এটা ঘৰত থাকোতে বাৰীৰ এচুকত থকা বনডিমৰুৰ ফল হেটুলুকা আৰু তাৰ সমগোত্ৰীয় যেন লগা ঘুংকলুং এটাই প্ৰায়েই খোৱা দেখিছিলোঁ ; আৰু দেখিছিলোঁ সেই ফলৰ ভাগ ল’বলৈ অহা কেৰ্কেটুৱাৰ সৈতে ঘুংকলুঙৰ খণ্ডযুদ্ধ ৷ তাঁহাতৰ যুঁজত ভালেমান পকাফল তললৈ সৰি পৰিলেও তালৈ সিহঁতৰ ভ্ৰুক্ষেপ নাছিল , কাৰণ যুঁজখনৰ মূল উদ্দেশ্য আছিল গছজোপাৰ ফলৰ ওপৰত নিজৰ নিৰঙ্কুশ অধিকাৰ সাব্যস্ত কৰা ৷ শেষত জয় হৈছিল ঘুংকলুঙৰ ৷ ঘুংকলুঙৰ মোটা ঠোঁটটোৰ খোঁটত কেৰ্কেটুৱাই পৃষ্ঠভঙ্গ দিলে; পলাই যাওঁতে গালি দি গ’ল,-“খকুৱা চৰাই, খা গোটেইসোপা ফল অকলে, হুতাশ পলাওক তোৰ ৷ সেইসোপা খাই পেট চলক তোৰ ৷” সেই যুঁজৰ ভিডিও শ্বট এটা লৈছিলো কিন্তু ভাল নহ’ল ৷ ইয়াত এতিয়ালৈকে ঘুংকলুং দেখা নাই ৷ তথাপি মোৰ বাৰীৰ পকা বনডিমৰু যেতিয়া হেটুলুকাই খাব তেতিয়া এখন ফ’টো তোলাৰ অপেক্ষাত আছোঁ ৷

তিনিমাহমান আগতে এদিন ৰাতিপুৱাতে পিছচোতালৰফালৰ পৰা চৰাইৰ কলকলনি শুনি বুজিলোঁ যে ওচৰতে কোনোবা গছত ভাটৌএজাক পৰিছেহি ৷ ভাটৌ থাকে জাকত হুলস্থুল কৰি ৷ জাকত উৰি গৈ থাকোতেও চিঞৰ-বাখৰ কৰি যায় ৷ আজিলৈকে থকা সকলো ঠাইতে ভাটৌৰ জাক দেখিছোঁ ৷ ইয়াতো ঘৰৰ ওপৰেৰে ভাটৌৰ জাক মাজে মাজে উৰি যোৱা দেখো ৷ তাৰে কেইটামানে পকা মধুৰীৰ সম্ভেদ পাই আমাৰ পিছচোতাল পাইছেহি ৷ আমাৰ দক্ষিণসীমাৰ প্ৰতিৱেশীৰ চৌহদত সীমাৰ কাষতে থকা মধুৰীজোপাৰ ভালেকেইটা ডাল আমাৰফালে ওলমি আছে ৷ তেওঁলোকৰফালে থকা ডালৰ মধুৰী তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে খাই প্ৰায় নোহোৱা কৰিছে ৷ আমাৰ মধুৰী পাৰি খোৱা বয়সৰ ল’ৰা-ছোৱালী নাই আৰু আমি পাৰিলে প্ৰতিৱেশীয়েবা কি ভাবে – সেয়ে আমাৰফালে ওলমি থকা মধুৰী পকিছে সৰিছে ৷ কোনোবা এটা ভাটৌৱে মধুৰী পকি ওলমি থকা গম পাই লগৰকেইটাক ক’লে ৷ জাকটোৱে খবৰটোৰ চয়-নিচয় কৰিবলৈ বুলি নামি আহি দেখে যে কথাটো হয় ৷ ভাটৌৱে বোলে –“কি মানুহ ঔ এইবোৰ, মোক খা মোক খা কৰি থকা পকা মধুৰীকেইটাও খাব নেজানে ? আমাৰে খাহঁক ৷” এইবুলি কলকলাই কলকলাই মধুৰী খাবলৈ ধৰিলে ৷ সিহঁতে কি জানে মানুহৰ মাটিৰ সীমা, দেশৰ মাটিৰ সীমাৰ কথা ; সিহঁতৰ বিচৰণত নাই কোনো সীমাবদ্ধতা, গোটেই পৃথিৱীখনেই সিহঁতৰ আপোন ৷ চৰাইবোৰৰ বাবেহে আচলতে বসুধৈৱ কুটুম্বকম ; আজিৰ মানুহৰ বাবে সেয়া মাথো স্বাৰ্থসিদ্ধিৰ বাবে যান্ত্ৰিকভাবে আওঁৰোৱা দুটা শব্দ ৷ কোনে ভাল পাব কোনে বেয়া পাব তালৈ কেৰেপ নকৰি খাইবৈ ভাটৌৰজাকটো কেনিবা গ’লগৈ ৷ সেইদিনা তাহাঁতৰ ফ’টো তোলা নহ’ল ; ৰৈ আছোঁ, আকৌবা কেতিয়াকৈ সেই দৃশ্য দেখিবলৈ পাওঁ ৷

দুপৰীয়া ‘চেঁ—চেঁ—চেঁ’ কৈ চেঁচেয়নি শুনিলে গম পাওঁ চিলনীটো তাৰ নিৰ্দিষ্ট ঠাইত বহিছেহি ; খিৰিকীৰে উত্তৰফালৰ প্ৰতিৱেশীৰ নাৰিকলজোপালৈ চাওঁ – হয় সি নাৰিকলজোপাৰ পাতত পৰিছেহি ৷ ভালেমান পৰ বহা থিয় হোৱাকৈ থাকি সি আকৌ ওপৰলৈ উৰে ৷ বহু ওপৰত বতাহৰ সোঁতত তাল ৰাখি ভাঁহি ভাঁহি টেলিস্কোপিক চকুদুটাৰে ট-টকৈ তললৈ চাই থাকে –ক’ত কি চিকাৰ আছে ৷

আবেলি বেলিপৰাৰ কিছু আগতে চাদলৈ উঠি চাৰিওফালে চাওঁ, ভাললাগে চাই ৷ পূবদিশ জুৰি আছে বুকুত চিৰিয়াখানাখন লুকুৱাই জাপৰিগোগ পাহাৰ , উত্তৰত কণ্বাচল পাহাৰলানি, জাপৰিগোগ পাহাৰৰ পৰা অগ্নি কোণলৈ পাহাৰ নথকা বাবে দিগন্ত কিছু দূৰলৈকে দেখা যায়, অগ্নি কোণৰ পৰা নৈৰ্ঋত কোণলৈ কালাপাহাৰ লানি আৰু ফটাশিল অঞ্চলৰ পাহাৰ আৰু শেষলৈ এটা টাৱাৰ মূৰত তুলি শান্তিপুৰ অঞ্চলৰ পাহাৰ ; পশ্চিমলৈ মূকলি মাজতে মাত্ৰ দূৰত মূৰ তুলি আছে নীলাচল পাহাৰে, বায়ু কোণত বেছ ওচৰতে আছে চূড়াত গান্ধীমণ্ডপেৰে শৰণীয়া পাহাৰ ৷ প্ৰায়েই চাৰিওফালে চকু ফুৰাই সূৰ্য্যাস্তৰ দৃশ্য চাবলৈ অপেক্ষা কৰোঁ ; তেনে সময়তে দক্ষিণফালৰ প্ৰতিৱেশীৰ নাৰিকলজোপাৰ পাতত বহেহি এহাল চুটীয়া শালিকা ৷ ৰাতিৰ আশ্ৰয়স্থলীত টোপনিত পৰাৰ আগতে দিনৰ শেষ পোহৰত দুয়ো বহে দিনটোত কি কি কৰিলে, ক’ত কি দেখিলে, পইতাচোৰা পখিলা কেইটা খালে, কি কি গুটি গিলিলে তাৰে বাখ্যান লৈ ৷ পশ্চিম আকাশত ৰং চটিয়াই বেলিটোৱে মেলানি মগাৰ লগে লগে হালেই তাৰপৰা নোহোৱা হয় ৷ তেতিয়া চয়াময়া পোহৰত দেখা যায় অনুচ্চত দেৰিকৈ আশ্ৰয়স্থলীলৈ ওভতা কাউৰীকেইটা আৰু ভালেমান ওপৰত শৰণীয়া পাহাৰৰফালৰ পৰা পূবদিশলৈ উৰিবলৈ ধৰা বাদুলীবোৰ ৷

অগ্নিকোণৰ দিগন্ত ছয়-আঠ মাহমানৰ পৰা দৃশ্যপটৰ পৰা নোহোৱা হৈ আহিছে ৷ সেইকোণটো ঢাকি সগৰ্বে মূৰ তুলি উঠি আহি আছে এটাৰ পিছত এটাকৈ বিখ্যাত বিল্ডাৰৰ তিনিটা বহুমহলীয়া এপাৰ্টমেণ্ট বিল্ডিং ৷ সেই ঠাইত আগতে আছিল এখন ডাঙৰ জলাহ, মেটেকা ভৰি আছিল তাত ৷ বৰষুণৰ পানী তাত জমা হৈছিল আৰু ওফন্দিলে ওচৰৰে ভৰলুলৈ বৈ গৈছিল ৷ তাত আছিল গৰৈ, চেঙ, কাৱৈ, শিঙি আদি মাছ ; বৰষুণৰ দিনত তাৰপৰা মাছ উজায়ো আহিছিল ৷ সেইবাবে আশে-পাশে আছিল কিছু মাছৰোকা চৰাই ৷ এতিয়া জলাহখন পোত যোৱাত মাছৰোকাবোৰ আন ঠাইলৈ গ’লগৈ –“মাছেই নাই খাম কিটো, বলহঁক যাওঁ ইয়াৰ পৰা ৷” দুবছৰমান আগতে ঘৰৰ আগৰ বিদ্যুতৰ তাঁৰ এডালত জুপুকামাৰি মাছৰোকা এটা বহি থকা দেখিছিলোঁ, বিলখনৰ দশা দেখি চাগে মনৰ বেজাৰত বহি আছিল ৷ তাৰ বেজাৰৰ সমব্যথী হৈ এনেয়ে কলমটো লৈ লেখিলোঁ –

মাছৰোকাৰ দুখ

বিদ্যুতৰ তাঁৰডালত জুপুকামাৰি বহি আছে

মাছৰোকা এটা

মন তাৰ বেয়া

কেনেকৈনো চাই থাকে বিলখন পোত যোৱা

পুঠি দৰিকণা খলিহৈ নহ'লে গৰৈচিৰিকা এটা

ক'তবা পাই এতিয়া

টলকিবই নোৱাৰিলে ওফন্দি অহা নগৰখনৰ ভৰত

তাৰ ভাললগাবোৰ

জাহ গ'ল কেতিয়া

আবৃত্তি কৰি youtubeতো দিলোঁ , কিজানিবা কাৰোবাৰ মন গলেই ; পাছত ভাবিলোঁ কি যে এক ল’ৰামতীয়া চিন্তা ৷ ক’ত নগৰৰ বৰ্দ্ধিত জনসংখ্যাৰ এহাজাৰ পৰিয়ালৰ বাবে আধুনিক আৱাসস্থল আৰু ক’ত মাছৰোকাৰ মাছখোৱা জলাহৰ অৱলুপ্তি ৷

তাৰপাছত ইয়াত মাছৰোকা দেখা নাই, কিন্তু কেতিয়াবা ওচৰৰ কোনোবাখিনিৰ পৰা মাছৰোকা এটাৰ তীব্ৰ মাত ভাঁহি আহি কানত পৰে ; অলপ আঁতৰৰ পৰা আন এটাই তাক সহাঁৰি জনোৱাও শুনো ৷ পুৰণি ঠাইৰ মায়া এৰিব পৰা নাই চাগে সেইদুটাই ৷ ওচৰত ভৰলুৰ বাদে আন জলাশয় নাই , তাতে ভৰলুতো এতিয়া আৰু নদী নহয় -- হয় এক পুতিগন্ধময় বিষাক্ত নৰ্দমাহে ; তাত মাছ জীয়াই থাকিব নোৱাৰে, থদি কেনেবাকৈ তাত মাছ আছেও তাৰ ক’লা পানীৰ মাজত মাছৰোকাই সেই মাছ দেখা নাপায় আৰু যদি কেনেবাকৈ মাছ দেখা পায়ো তেনে ধৰিবলৈ ডুব মাৰি মাছৰোকা আৰু ওলাই নাহিব – সেই বিষাক্ত পানীতেই প্ৰাণ হেৰুৱাব ৷

২০২১ চনৰ বহাগ বিহু, চাৰিওফালে ক’ৰ’ণা মহামাৰীৰ সন্ত্ৰাস ; মানুহবোৰে নাক-মুখ ঢাকি তৎ পোৱা নাই ৷ বাইদেউ, ভণ্টী, সম্বন্ধীয়া আৰু বন্ধুসকলৰ সৈতে মোবাইলত কথা আৰু মেছেজেৰেই বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি চাদলৈ উঠি গ’লোঁ ৷ দুৱাৰখন মেলাৰ আগতেই গম পালোঁ যে দহিকতৰাটো আৰু বুলবুলিটোৱে নিজ নিজ ঠাইত বহি বহাগৰ গান গাই আছে ৷ সেয়ে দুৱাৰখন সন্তৰ্পনে খুলিলোঁ – খুলিয়েই দেখোঁ যে ধেনুভিৰীয়া ঠোঁটটোৰে কিচকিচকৈ ক’লা মৌপিয়া এটাই কাপোৰমেল ৰচীএডালত বহি মোক বিহুৰ শুভেচ্ছা জনাবলৈ ৰৈ আছে ৷ বিহুৰদিনা তাক মৌ অকণমান যাচিবলৈ নতুনকৈ সোমোৱা ঘৰটোত তেতিয়া ভালকৈ ফুল এডালো নাই ৷ সিও আক্ষেপ নকৰি –‘হ’বদে, ফুলকেইজোপামান লগাবি, মই বাৰু আহি থাকিম ৷’ এইবুলি কোনপিনে গুছি গ’ল তৰ্কিবই নোৱাৰিলোঁ ৷ মাজে মাজে মৌপিয়ানীক লগত লৈ সি আমাক দেখা দিয়ে ৷ প্ৰতিৱেশীসকলৰ কেইবাঘৰতো থকা বিভিন্ন বতৰৰ ফুলে সিহঁতক মৌৰ যোগান ধৰে ৷ যোৱাবাৰো আৰু এইবাৰো দুয়োটাই একেলগে আমাৰ আগফালে লগোৱা চিলভিয়া ফুলৰ মৌ চুহি থকা দেখিছোঁ ৷ তেনেকুৱা প্ৰতিটো আপুৰুগীয়া মূহুৰ্ত কেমেৰা যন্ত্ৰত বন্দী কৰিব নোৱাৰি ; প্ৰকৃতিয়ে দিয়া কেমেৰাযুগলেৰে সকলো দৃশ্য কিন্তু বুকুৰ এলবামত আজীৱন ধৰি ৰাখিব পাৰি ৷

ডেৰবছৰমান আগতে এদিন ৰাতিপুৱা এটা শব্দ ভাঁহি আহি কানত পৰিল–“কটৰৰৰৰৰৰৰ --কটৰৰৰৰৰৰ—“ ৷ মনতে ভাবিলোঁ যে এইটোতো কোনো কাঠমিস্ত্ৰিয়ে হাতুৰী মৰাৰ শব্দ নহয় ! কেইবাৰমান শব্দটো শুনাৰ পাছত বুজিলোঁ এইটো কাঠৰোকা বা বাঢ়ৈটোকাই গছত ঠোঁটেৰে খুটিওয়াৰ শব্দ ; মনটো ভাললাগি গ’ল – ‘আহ , এই কংক্ৰিটৰ জনঅৰণ্যত বাঢ়ৈটোকা দুটামান তেনে তিষ্ঠি আছে ৷’ চাৰিওফালে ঘৰবোৰত কিবা নহয় কিবা নিৰ্মাণ সম্পৰ্কীয় কাম চলি আছে – কাৰোবাৰ পুৰণি অসম আৰ্হিৰ ঘৰৰ আগফালে নতুন পকীঘৰ উঠিছে , কাৰোবাৰ দ্বিতীয়মহলা উঠিছে, কাৰোবাৰ তৃতীয়মহলা উঠিছে ৷ ক’ৰ’ণা শামকটাত তেতিয়া আমাৰ ঘৰতো বাহিৰফালে ৰং দিয়া কাম চলিছে ৷ সেয়ে আমাৰ ঘৰত আৰু আশে-পাশে ভালেমান ঘৰত থিয় হৈ আছে বাঁহৰ স্কেফল্ডিং৷ এদিন দেখো পিছফালৰ এঘৰৰ স্কেফল্ডিঙৰ বাঁহত বাঢ়ৈটোকাই খোট মাৰিছে –“কটৰৰৰৰৰৰৰ ---কটৰৰৰৰৰৰ—“ ৷ এনেদৰে সি গছতকৈ বেছি স্কেফল্ডিঙৰ শুকান বাঁহতহে খটখটাই তাৰ প্ৰিয় খাদ্য পোকৰ সন্ধান কৰা দেখিবলৈ পোৱা হ’লোঁ ৷ এদিন ৰাতিপুৱা চাদলৈ উঠি গৈ থাকোতে একেবাৰে ওচৰৰ পৰা অহা তাৰ খটখটনিৰ শব্দ শুনা পালোঁ ; দুৱাৰখন সাৱধানে অকনমান মেলি চালোঁ – আহহা, চৰাইটোৱে দেখোন আমাৰ চাদৰ ওপৰলৈ ওলাই থকা বাঁহ এডালতে পৰম সুখেৰে মাৰিছে খোট -–“কটৰৰৰৰৰৰৰ ---কটৰৰৰৰৰৰ—“ ৷ জেপৰ পৰা মোবাইলটো উলিয়াইছিলোঁহে মাত্ৰ সি উৰি গুছি গ’ল ; কেনেকৈবা গম পালে কোনোবা আহিছে বুলি ! এদিন পাকঘৰৰ খিৰিকীৰে বাহিৰলৈ চাওঁতে দেখোঁ যে ভীমকলৰ নতুনকৈ ওলোৱা ডিলটোৰ অলপ ডাংখোৱা পটুৱা এখনত তলত দুটা চৰাই—নেজৰ সৈতে পিছফাল ওলাই আছে, মূৰৰ সৈতে আগফাল পটুৱাৰ তলত ৷ অ’ তাৰমানে দু্য়োটাই কলফুলৰ মৌ চুহিছে ! দুয়োটাৰে নেজৰ আৰু গাৰ ওলাই থকা অংশৰ আঁকবাঁক দেখি যি ভাবিছিলোঁ সেয়েই – মৌ চুহি পটুৱাৰ তলৰ পৰা ওলাই আহোঁতে দেখিলোঁ সপত্নীক বাঢ়ৈটোকা ৷ তাৰমানে ইহঁতে অকল গছৰ গা খুচৰি পোকেই নেখায় ফুলৰ মৌও খায় ৷ সিহঁতে উৰা মাৰোঁতেই পটুৱাৰ তলৰ পৰা ওলাই আহিল মৌপিয়া আৰু মৌপিয়ানী ৷ ফঁকৰাত আছে ‘সকলো চৰায়ে মাছ খায়, মাছৰোকাই নাম পায় ৷’ তেনেকৈয়ে সকলো চৰায়ে মৌ খায়, মৌপিয়াই নাম পায় ৷

দুটামান ফেঁচুও আছে আমাৰ ঘৰৰ ওচৰত ৷ ফেঁচু সৰু চৰাই হ’লেও চটফটীয়া নহয়, গহীন প্ৰকৃতিৰ ; সি চৰাইৰ ৰজাযে গহীন হৈ থাকিবই লাগিব ৷ খুটা একোটাৰ ওপৰতে বহু সময় থৰ লাগি ৰৈ থাকি জিঞা বা ফৰিং বা পখিলা একোটা ধৰি খায় ৷ মাজে মাজে কি খং উঠে জানো কাউৰী আৰু চিলনীৰ ওপৰে ওপৰে উৰি তাঁহাতৰ পিঠিত খোট মাৰে , হয়তো নিজতকৈ ডাঙৰ আকৃতিৰ কেইটাৰ ওপৰত ৰজাৰ কৰ্তৃত্ব খটুৱায় ৷ তাৰ নিজৰ সমান আৰু নিজতকৈ সৰু আকৃতিৰ চৰাইবোৰক একো নকৰে ৷ ৰজাৰ মহিমা ৷

দহ-বাৰদিনমানৰ আগৰ কথা ; শেষৰাতি সাৰপাই টয়লেতলৈ যাবলৈ উঠি দেখোঁ যে ভেন্টিলেটৰেদি অহা পোহৰেৰে কোঠাটো বেচ পোহৰ হৈ আছে, বাথৰুমটোও ভালেখিনি পোহৰ ৷ মনত খেলালে-‘এই শেহৰাতিও ইমান জোনাকনে ?’ কথাটো অলপ টং কৰোঁতে গম পালোঁ যে সেয়া জোনাক নহয়, নিৰ্মাণ চলি থকা এপাৰ্টমেণ্টৰ ওপৰত থকা ক্ৰেণখনৰ দীঘল বুমডালত থকা তীব্ৰ পোহৰৰ লাইটকেইটা জ্বলি আছে ৷ ৰাতি বাৰমান বজালৈকে সশব্দে নিৰ্মাণৰ কাম চলি থাকে আৰু লাইটকেইটা জ্বলি থাকে , সেইটোত আমি অভ্যস্ত হৈ পৰিছোঁ ৷ কিন্তু ওৰেৰাতি লাইট বন্ধ নকৰাতো কেনে কথা ! সন্ধিয়াৰ পৰা পাছদিনা পুৱালৈকে গছ-গছনিবোৰ আৰু অৱশিষ্ট যিখিনি চৰাই আছে উচ্চপ্ৰাবল্যৰ পোহৰত তাহাঁতৰ কেনে অৱস্থা হৈছে ৷ এনেকুৱাত মানুহৰেই ভ্ৰম হ’ব ধৰিছে আন জীৱবোৰৰ নহ’ব কিয় ! এইবোৰকে ভাবি পুণৰ বিচনাত পৰাৰ অলপ পাছতে নিস্তব্ধতাৰ মাজত শুনিবলৈ পালোঁ –‘পুউৎ পুউৎ ---‘ ৷ মনটো কিবা ভাল লাগি গ’ল ৷ প্ৰথমবাৰ ইয়াত শুনিবলৈ পালোঁ ফেঁচাৰ মাত ৷ ---“ক’ৰপৰাবা ইয়াত ওলালেহি ফেঁচা , অকলেতো অহা নাই লগত নিশ্চয় আৰু দুটামান আছে ৷ কি খাবলৈ পাই বাৰু আহিছে ইয়ালৈ ? ৰাস্তা পকী, চোতালবোৰো সঙ্কুচিত আৰু বেছিভাগই পকী, আমাৰ চোতালৰো অৰ্ধেক পকী – সাপ, ভেকুলী, এন্দুৰৰ বাবে ঠায়েই নাই ৷ যোৱা আঢ়ৈ বছৰে আমাৰ চোতালত সাপ দেখিছোঁ এডাল, গৰমৰ দিনত চাৰি-পাঁচটামান ভেঁকুলী চোতালত জপিয়াই ফুৰে কিন্তু লালুকিৰ বাবে লেতেৰা নৰ্দমাৰ বাদে ক’তো এডোঙা পানী নাই , এন্দুৰ-নিগনিয়ো দেখা নাই ; শহাটোমান ডাঙৰ ডালশলিয়া দুটামানে অৱশ্যে ইঘৰ-সিঘৰকৈ ঘূৰি ফুৰে ৷ কি খাই থাকিব বাৰু ফেঁচাকেইটা ? নাথাকে ইয়াত, কেইদিনমানতে গুছি যাব ৷” কিন্তু আশাব্যঞ্জকভাৱে এইকেইদিন সন্ধিয়াৰপৰা মাজে মাজে ফেঁচাই মাতি আছে –‘পুউৎ পুউৎ পুউৎ ---- ৷’

ফেঁচাৰ মাত শুনাৰ দুই-তিনিদিনমান পাছত এদিন দূপৰীয়াসময়ত অদূৰৰ পৰা ভাঁহি আহিল সখীয়তীৰ মাত ৷ মনটো বৰ ভাল লাগিল ; কাণ উনাই আছো এইকেইদিন শুনোঁনেকি আকৌ মাতটো –“সখীঔ” ৷ মাজে মাজে ওচৰৰ গছৰ পাতৰ আঁৰৰ পৰা অহা নেদেখা চৰাইৰ মাত শুনিছোঁ-‘টিক টিক টিক টিক ৷’ কিন্তু বহুবছৰ ধৰি এই অঞ্চলত থকা ডাউকবোৰৰ সংখ্যা কমি আহি যোৱা প্ৰায় এবছৰ এটাও ডাউক নেদেখা হ’লোঁ ৷ যোৱাবছৰ দেখিছিলোঁ দুটা ডাউক আমাৰ আৰু চুবুৰীয়াৰ চোতালত লুকাই থকাৰ পৰা মাজে মাজে সন্তৰ্পনে ওলাই খাদ্য বিচাৰি ফুৰা ৷ মেকুৰীৰ পৰা বাচিবলৈ একমহলা ঘৰৰ চালতো উঠেগৈ ৷ বেছি দূৰলৈ আৰু ওপৰলৈ উৰিব নোৱাৰা চৰাইটোৰ এনেকুৱা পৰিৱেশত পদে পদে জীৱনৰ সংশয় ৷ জাৰণি-জোপোহানি, কচুৱনী ক’তো নাই – মানুহে ঘৰ নবন্ধা ঠাই অকণমানো নাই, চোতালবোৰ পকী – ক’ত থাকিব আৰু ক’ত পোৱালি জগাব ! সেয়ে আমাৰ অঞ্চলটোত ডাউকৰ কণকঠীয়া মৰিল ৷

সৰুৰে পৰা এই বয়সলৈকে অসমৰ বিভিন্ন ঠাইত কত চৰাই দেখিলোঁ তাৰ হিচাবৰ তালিকাখন যথেষ্ট দীঘল ৷ কিন্তু বৰ দুখেৰে লক্ষ্য কৰিছোঁ যে কিদৰে দ্ৰুতগতিত বনাঞ্চল সংকুচিত হৈ আহিছে আৰু তাৰ লগে লগে কমি আহিছে চৰাইৰ বিবিধতা আৰু সংখ্যা ৷ গুৱাহাটীত জনসংখ্যা বিস্ফোৰণ আৰু অপৰিকল্পিত নিৰ্মাণে ঠেকি আনিছে চৰাই আৰু অন্য বন্যপ্ৰাণীৰ আৱাসভূমি ৷ কেউফালে এতিয়া জীৱজন্তুৰ মৰণফান্দ ৷ গুৱাহাটীত বাসকৰা এতিয়া শ্বাসৰুদ্ধকাৰী প্ৰদূষিত কুঠৰীত সোমাই থকাৰ সমতুল্য ৷

চৌপাশৰ নিৰ্মাণৰ অহৰহ শব্দ, ধূলি-ধোঁৱাৰে আচন্ন বায়ুমণ্ডল, ৰাতিৰ উচ্চ প্ৰাবল্যৰ পোহৰ - তাৰ মাজতে শান্তি বিচাৰি প্ৰকৃতিলৈ চাওঁ – প্ৰকৃতিৰ কলৰৱ শুনোঁ যি অৱশিষ্ট চৰাই আছেগৈ তাহাঁতৰ মাতত ৷ চৰাইৰ কলৰৱে দিয়ে অনিবৰ্চনীয় আনন্দ আৰু শান্তি ৷ মানুহৰ কলৰৱ এতিয়া আবদ্ধ উন্নয়নত – যি উন্নয়ন নিতান্ত বস্তুবাদী আৰু বিষয়সম্ভোগসৰ্বস্ব ৷

দেশৰ, সমাজৰ আৰু ব্যক্তিৰ উন্নয়ন জোখা হয় বৈষয়িক সম্পদেৰে, তাত মনৰ সম্পদৰ ঠাই নাই ; উন্নয়ন মানে বহল ৰাজবাট, মনৰ ৰাজবাট ঠেক হ’লেও কোনো কথা নাই ; উন্নয়ন মানে উচ্চ অট্টালিকা , তাত থকা মানুহবোৰৰ মন উচ্চ হয় নে নহয় সেয়া নধৰ্তব্য ; উন্নয়ন মানে উন্নত সংযোগ – আলিবাট, ৰেলআলি, উৰাজাহাজ, দূৰসংযোগ -- মনৰ সংযোগ নহ’লেইবা ; উন্নয়ন মানে স্বাক্ষৰতা, উচ্চ ডিগ্ৰী – জ্ঞান আৰু প্ৰজ্ঞাৰ কথা পাছেপৰাও চিন্তা কৰিলেও হ’ব ৷ উন্নয়ন মানে পৰিসংখ্যাৰ খেল, উন্নয়ন মানে বৌদ্ধগয়াৰ পৰা পোখৰানলৈ পৰিক্ৰমা ৷ মানুহৰ কলৰৱ সেয়ে এতিয়া কোলাহল ৷

যিদিনা মানুহে অন্তৰদৰ্শন কৰিব আৰু প্ৰকৃতিক বুজিব সেইদিনাহে মানুহৰ কোলাহল কলৰৱলৈ উন্নীত হ’ব ৷ সেইদিন সুদূৰপৰাহত ৷ তেতিয়ালৈ চৰাইৰ কলৰৱৰ মাজতেই শান্তিৰ সন্ধান কৰোঁ ৷

*********************